প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবেই যুৱতীক হত্যা

73

ব্যৰ্থ প্ৰেমেই কাল হল অংকিতাৰ। শেষ বাৰৰ বাবে লগ পোৱাৰ অনুৰোধেৰে ব্যৰ্থ প্ৰেমিকে মাতি আনিছিল অংকিতাক। তাৰ পিছত… নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিছিল প্ৰেয়সীক।

যোৱা ১০ মাৰ্চত ওদালগুৰি জিলাৰ খৈৰাবাৰীত সংঘটিত যুৱতীৰ নৃশংস হত্যাকাণ্ডৰ পিছত এতিয়া বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে হত্যাকাৰীয়ে। অমিত ভদ্ৰ নামৰ যুৱকজনে বাৰাম্বাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল খৈৰাবাৰীৰ নিৱাসী ৰাম প্ৰসাদ পালৰ ২১ বছৰীয়া কন্যা অংকিতা পালক। পিছে অংকিতাই গ্ৰহণ কৰা নাছিল সেই প্ৰস্তাৱ। কিন্তু তাৰ পৰিণতি যে ইমান ভয়াবহ হব সেই কথা কাহানিও ভৱাই নাছিল অংকিতাই।

১০ মাৰ্ছৰ সন্ধিয়া শেষ বাৰ লগ পোৱাৰ দোহাই দি অংকিতাক ঘৰৰ কাষলৈ মাতি আনিছিল অমিতে। তাৰ পিছতে প্ৰথমে মুখত সোপা দি নিৰ্জন স্থান এটুকুৰালৈ চোঁচৰাই নিছিল অংকিতাক। আৰু অৱশেষত.. ডিঙি ৰেপি অতি নৃশংস ভাৱে অমিত ভদ্ৰ নামৰ পাষণ্ডজনে হত্যা কৰিছিল যুৱতীগৰাকীক।

আৰক্ষীৰ জালত পৰা হত্যাকাৰী অমিত ভদ্ৰক ফাঁচীৰ শাস্তি বিহিবলৈ এতিয়া দাবী তুলিছে বিভিন্ন দল সংগঠনৰ লগতে খৈৰাবাৰীৰ ৰাইজে। প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰা অমিত সঁচাই ফাঁচীৰ শাস্তি লাভৰে যোগ্য।