প্ৰেমিকাৰ সৈতে কাজিয়া লাগি নিজৰ বিলাসী মাৰ্চিডিজত অগ্নিসংযোগ চিকিৎসকৰ…

186

তামিলনাডুৰ কাঞ্চীপুৰমত প্ৰেয়সীৰ সৈতে কাজিয়াত লিপ্ত হোৱা ২৮ বছৰীয়া চিকিৎসকে নিজৰ মাৰ্চিডিজ বেঞ্জ গাড়ীত জুই লগাই দিয়াৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

পথচাৰীয়ে অগ্নিনিৰ্বাপক আৰু উদ্ধাৰ সেৱাৰ কৰ্মীসকলক অৱগত কৰে আৰু এটা দলে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

অৱশ্যে গাড়ীখন সম্পূৰ্ণৰূপে জ্বলি যায়।

জানিব পৰা মতে, শুকুৰবাৰে প্ৰেমিকাৰ সৈতে লং ড্ৰাইভত গৈছিল চিকিৎসকজনে।

কিন্তু তাতেই দুয়োৰে মাজত কোনো কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটাত খঙতে নিজৰ বিলাসী বাহনখন জুই লগাই দিয়ে যুৱকজনে।