প্ৰিয়দা গগৈ কেৱল অখিলৰ মাতৃ নহয়; অসমৰ মাতৃ, যদি মাতৃৰ কিবা হয় তেন্তে ভয়ংকৰ পৰিস্থিতি ভুগিব বিজেপিয়েঃ ৰূপজ্যোতি কুৰ্মী

63

‘অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ  পৰিছো। অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়। অসমৰ মাতৃ। যদি মাতৃৰ কিবা হ’বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।’- এই বুলি বিজেপি চৰকাৰক হুংকাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।

গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ICUত ভৰ্তি হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অখিলৰ মাতৃৰ স্বাস্থ্যৰ বুজ লৈ ওলাই আহি সাংবাদিকৰ আগত কয় যে, ‘চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া বাবে অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে।

লগতে বিধায়কগৰাকীয়ে কয়, “অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো। অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃ নহয়। অসমৰ মাতৃ। যদি মাতৃৰ কিবা হ’বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।’- এই বুলি মন্তব্য প্ৰদান কৰে বিধায়কগৰাকীয়ে।