প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ অৱস্থা সংকটজনক!

65

ডিজিটেল ডেস্কঃ দিল্লী কাণ্টৰ আৰ এণ্ড আৰ আৰ্মী হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্য সংকটজনক বুলি জানিব পৰা গৈছে। শনিবাৰে চিকিৎসকে জানিবলৈ দিয়া মতে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে আৰু বৰ্তমান তেওঁক ভেণ্টিলেছনত ৰাখি বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা চলাই আছে।

উল্লেখ্য যে, যোৱা ১০ আগষ্টত মুখাৰ্জীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। তাৰ পিছতে তেওঁৰ মূৰত তেজ জমা হোৱাত তেওঁক এক মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। এই অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হলেও বুধবাৰৰ নিশা তেওঁৰ অধিক ৰক্তক্ষৰণ হয় আৰু তেতিয়াৰ পৰাই স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰে।