প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ ১৬ বছৰীয়া পুত্ৰ অমিতৰাজ সন্ধানহীন

71

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ সন্ধানহীনৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে প্ৰাক্তন সাংসদগৰাকীৰ ১৬ বছৰীয়া পুত্ৰ সন্ধানহীন হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও সন্ধান লাভ কৰা নাই নিৰুদ্দিষ্ট অমিতৰাজৰ।

জানিব পৰা মতে, ৰিয়েলিটী পাব্লিক স্কুলৰ ছাত্ৰ অমিতৰাজ মঙলবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত বিদ্যালয়ৰ চৌহদৰ পৰাই সন্ধানহীন হৈ পৰে। ইফালে পুত্ৰৰ সন্ধানহীনৰ খবৰ লাভ কৰাৰ পিছতে গুৱাহাটীৰ পৰা কোকৰাঝাৰত উপস্থিত হয় বিশ্বজিৎ দৈমাৰী।