মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে এনচিপি নেতা নৱাব মালিকৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে নৱাব মালিকৰ আণ্ডাৰৱৰ্ল্ডৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। মুম্বাইত তেওঁৰ আৰু তেওঁৰ আত্মীয়সকলে ক্ৰয় কৰা ৫ টা প্লটৰ ভিতৰত, ৪টা প্লট আণ্ডাৰৱৰ্ল্ডৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত।
নৱাব মালিকৰ যদি আণ্ডাৰৱৰ্ল্ডৰ সতে সম্পৰ্ক নাই, তেন্তে মুম্বাইত বোমা বিস্ফোৰণকাৰীৰ পৰা মাটি কিয় ক্ৰয় কৰিছিল বুলিও প্ৰশ্ন কৰে দেৱেন্দ্ৰ ফাডনাভিছে।
উল্লেখ্য যে, মুম্বাই ক্ৰুজ পাৰ্টিৰ অভিযোগত এনচিবিয়ে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছতে এনচিবি আৰু চৰকাৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ কৰি আহিছে এনচিপি নেতা নৱাব মালিকে।
