প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চৰণ চুই মুখ্যমন্ত্ৰিত্বৰ শপত ল’লে বাসৱৰাজ বোম্মায়ে

116

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে বিজেপি নেতা বাসৱৰাজ বোম্মায়ে। বুধবাৰে ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাৰ চৰণ স্পৰ্শ কৰি ৰাজ্যখনৰ ২৩তম মুখ্যমন্ত্ৰীৰূপে শপত লয় বাসৱৰাজ বোম্বায়ে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পা আৰু কৰ্ণাটকৰ ৰাজ্যপাল থাওৱাৰ চন্দ গেহলট উপস্থিত থাকে।

উল্লেখ্য যে, বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৃদ্ধি পোৱা মনোমালিন্যৰ পৰিণতিত দুবছৰীয়া কাৰ্যকালৰ অন্ত পেলাই যোৱা সোমবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল বি এছ য়েদেয়ুৰাপ্পাই। তাৰ পিছতে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক দায়িত্ব অৰ্পণ কৰা হব তাক লৈ চিন্তা চৰ্চা আৰম্ভ হয়।

কিন্তু মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বাসৱৰাজ বোম্মায়কে মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ পিছতে বুধবাৰে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ শপত লয় বাসৱৰাজে।