প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে ‘পদ্ম বিভূষণ’ সন্মান

265

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ নেতা প্ৰয়াত তৰুণ গগৈয়ে ৰাজহুৱা বিষয়ত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান প্ৰদানৰ ঘোষণা কৰা হৈছে। আনহাতে আন ৮ গৰাকী বিশিষ্ট নাগৰিকক এই বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ ঘোষণা কৰা হৈছে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে ১১৯ গৰাকী প্ৰাপকক সন্মানীয় পদ্ম সন্মান প্ৰদান কৰিব। অনুষ্ঠানটো সোনকালেই ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰপতি ভৱনত আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা তৰুণ গগৈক ৰাজহুৱা বিষয়ত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰভাৱে পদ্মবিভূষণ প্ৰদান কৰা হ’ব।

তদুপৰি, অসমৰ আঠগৰাকী বিশিষ্ট লোকক পদ্মশ্ৰী প্ৰদান কৰা হ’ব। তেওঁলোক হৈছে- লখিমী বৰুৱা (সামাজিক কৰ্ম), বিজয়া চক্ৰৱৰ্তী (ৰাজহুৱা পৰিক্ৰমা), গোপীৰাম বৰগঞা বুঢ়াভকত (কলা), মঙ্গল সিং হাজোৱাৰী (সাহিত্য আৰু শিক্ষা), দুলাল মানকি (কলা), বিৰুবালা ৰাভা (সামাজিক কৰ্ম), ৰোমান শৰ্মা (সাহিত্য আৰু শিক্ষা – সাংবাদিকতা) আৰু ইমৰান শ্বাহ (শিক্ষা)।

পদ্ম বঁটাবিজয়ীৰ ২০২০ সংস্কৰণত ৭ গৰাকী বঁটা বিজয়ীক দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা- পদ্ম বিভূষণৰে সন্মানিত কৰা হ’ব। আনহাতে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ১০ গৰাকী বিশিষ্ট ব্যক্তিক পদ্মভূষণ আৰু ১০২ গৰাকী বিশিষ্ট ব্যক্তিক চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰা হ’ব।

এই বছৰ বঁটা প্ৰাপকসকলৰ ভিতৰত ২৯ গৰাকী মহিলা, ১৬ জন মৰণোত্তৰ বঁটা বিজয়ী আৰু ১ জন ট্ৰেন্সজেণ্ডাৰ বঁটা প্ৰাপক আছে।