চৰকাৰ-প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই চকুৰ সন্মুখত পত্নীক হেৰুৱাবলগীয়া হল এগৰাকী অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ নিৱাসী ৰমেশ চন্দ্ৰ নামৰ অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশগৰাকী আৰু তেওঁৰ পত্নী মধু চন্দ্ৰা কোৰোনাত আক্ৰান্ত হৈছিল। স্বাস্থ্য পৰীক্ষাত দুয়োৰে দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে হোম কোৱাৰেণ্টাইন হৈছিল তেওঁলোক। কিন্তু লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিছিল পত্নী মধু চন্দ্ৰাৰ। প্ৰাক্তন ন্যায়াধীশ ৰমেশ চন্দ্ৰই চৰকাৰৰ দ্বাৰা উপলব্ধ কৰোৱা কোৰোনাৰ হেল্পলাইন নম্বৰলৈ কল কৰিছিল বাৰাম্বাৰ। কিন্তু কোনেও সেই ফোন ৰিচিভেই কৰা নাছিল। অসহাস হৈ পৰা ৬৭ বছৰীয়া ৰমেশ চন্দ্ৰৰ কাতৰ আহ্বান শুনিবলৈও যেন কোনো নাছিল। পত্নীৰ চিকিৎসা কৰাবলৈ তেওঁ নিজে ওলাই আহিবও পৰা নাছিল ঘৰৰ পৰা। কাৰণ তেওঁ নিজেও কোৰোনা পজিটিভ। চৰকাৰী হেল্পলাইনত বাৰাম্বাৰ কল কৰাৰ পিছতো কোনো উপস্থিত নহ’ল তেওঁৰ বাসগৃহত। আৰু তেনেকৈয়ে চিকিৎসাৰ অভাৱত মৃত্যু ঘটে পত্নী মধু চন্দ্ৰাৰ। পত্নীৰ বিয়োগৰ পিছত ছ’চিয়েল মিডিয়াযোগে এখন চিঠি লিখি সহায় আহ্বান জনায় প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে।
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰৰ এই কৰুণ ঘটনাই উদঙাইছে আচলতে যোগী চৰকাৰ কোৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত আৰু ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি কিমান দায়বদ্ধ। হৰিদ্বাৰত কুম্ভমেলাত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে অৰ্ধনগ্ন হৈ গংগাস্নান কৰি নিজকে পবিত্ৰ কৰিব বিচৰা যোগী আদিত্যনাথৰ ৰাজ্যত এতিয়া প্ৰতিদিনে ভয়াবহ হৈছে কোৰোনাৰ সংক্ৰমণ। যোৱা মাত্ৰ এটা দিনতে ৰাজ্যখনত ৩০ হাজাৰৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ১২৯ জনকৈ লোকৰ। গংগাত স্নান কৰিলে কোৰোনা নহয় বুলি মন্তব্য কৰা যোগী আদিত্যনাথৰ শাসনত এতিয়া উত্তৰ প্ৰদেশত হাস্পতালত খালী নাই বিচনা। প্ৰতিদিনে বহু লোকৰ চিকিৎসাৰ অভাৱতে প্ৰাণ গৈছে। শেহতীয়াকৈ চৰকাৰে নাগৰিকৰ বাবে কোভিড প্ৰট’কল জাৰি কৰিছে ঠিকেই, পিছে খোদ মুখ্যমন্ত্ৰীয়েই তামিলনাডু, কেৰালা, পশ্চিমবংগত হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ কোভিড বিধি উলংঘা কৰি অংশ লৈছে নিৰ্বাচনী ৰেলী, প্ৰচাৰ সভাত।
চৰকাৰৰ দায়িত্বজ্ঞান হীনতাৰ বাবেই এতিয়া কোভিড মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছে ৰাজ্যখনত। এতিয়া লকডাউন জাৰি কৰা হৈছে ঠায়ে ঠায়ে। মাস্ক নিপিন্ধিলে জৰিমণা বিহাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু যিসকল লোক এতিয়াও কোভিডত আক্ৰান্ত হৈ আছে, তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত যেন দায়বদ্ধ নহয় চৰকাৰ। হাস্পতালত বিচনা নাই, চৰকাৰী হেল্পলাইনত ফোন কৰি কোনো উত্তৰ নাপায়! কোৰোনা প্ৰতিৰোধত যে যোগী চৰকাৰ ব্যৰ্থ সেয়া এতিয়া প্ৰমাণ হৈছে। লক্ষ্ণৌৰ প্ৰাক্তন জিলা ন্যায়াধীশ ৰমেশ চন্দ্ৰৰ কৰুণ চিঠিখনেও এতিয়া ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মুখা খুলিছে।
