প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম বৰাৰ দলত্যাগ

65

নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত খহনীয়া। দলত্যাগ কৰিলে কংগ্ৰেছেৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই। বটদ্ৰৱা সমষ্টিৰ পৰা টিকট লাভ নকৰাৰ পিছতে সমৰ্থকক লগত লৈ আনুষ্ঠানিকভাৱে দলত্যাগ গৌতম বৰাৰ। সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ এৰাৰ কথা কলে গৌতম বৰাই। উল্লেখ্য যে, বটদ্ৰৱা সমষ্টিত কংগ্ৰেছৰ টিকট প্ৰত্যাশী আছিল গৌতম বৰা। কিন্তু সমষ্টিটোত শিবামণি বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে দলৰ বিৰুদ্ধে ক্ষোভ উজাৰে বৰাই।

এতিয়া আৰু কংগ্ৰেছ দলত থকাৰ কোনো কাৰণ নাই বুলি মন্তব্য গৌতম বৰাৰ। কংগ্ৰেছৰ লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই দলত্যাগ কৰিবলৈ বাধ্য হোৱা বুলিও মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। আনহাতে ৰাষ্ট্ৰীয় দলত যোগদান কৰিব বুলিও ইংগিত প্ৰদান কৰিছে গৌতম বৰাই।