প্ৰসিদ্ধ কার্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসান

69

গুৱাহাটী: প্ৰসিদ্ধ চিত্ৰশিল্পী তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তৰ দেহাৱসানৰ বাতৰিয়ে ৰাজ্যজুৰি শোকৰ অশ্ৰু বোৱাইছে। বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে কার্টুনিষ্ট গৰাকীয়ে।

‘কাহুঁদী’ শিৰোনামেৰে অসমৰ প্ৰথমটো ‘বক্স কাৰ্টুন’ অংকনেৰে এক নতুন ধাৰাৰ সূচনা কৰা ত্ৰৈলোক্য দত্তৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভিন্নজনে৷