প্ৰসংগ মিঞা মিউজিয়াম

177

মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই৷বাংলাদেশী মূলৰ মানুহ আহি আজি অসমত মিঞা মিউজিয়াম খুলিব আৰু কাইলৈ মিঞালেণ্ড দাবী কৰিব আৰু আমি অসমীয়া সকল হাত সাবটি বহি থাকিম নেকি বুলি প্ৰশ্ন কৰি এয়া অসমীয়া জাতিলৈ এক প্ৰতিকী ভাবুকি দিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক পদ্ম হাজৰিকাই৷মিঞা মিউজিয়ামক লৈ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা তাৎক্ষণিকভাৱে স্থিতিৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে সেইসকলে আজি মিঞা মিউজিয়াম খুলিছে কাইলৈ আমাৰ ৰাজ্যখনত অস্ত্ৰ সস্ত্ৰৰ কাৰখানাও খুলিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷আনহাতে কংগ্ৰেছ দল প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে মিঞা মিউজিয়ামক লৈ কংগ্ৰেছ দলে কৌশলী স্থিতি গ্ৰহণ কৰিছে৷অসমীয়া জাতিলৈ ভাবুকি সৃষ্টি কৰা এইবোৰ কথাত যদি কংগ্ৰেছ দল নিমাত থাকি মিঞাক লৈ ৰাজনীতি কৰিম বুলি ভাবিছে তেন্তে বাংলাদেশত গৈ ৰাজনীতি কৰিব লাগিব বুলিও মন্তব্য কৰে হাজৰিকাই৷কৌশলপূৰ্ণভাৱে যদি কংগ্ৰেছ দল এইক্ষেত্ৰত নিৰৱে থাকি মিঞাক উচতনি দিয়ে তেন্তে অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই৷প্ৰসংগক্ৰমে কংগ্ৰেছ অসমৰ পৰা নিচ্ছিহ্ন হৈ যোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে বিধায়ক পদ্মই৷