প্ৰমোদ বড়োৱে প্ৰদান কৰিলে ৫৯১ জন শিক্ষকক নিয়মীয়াকৰণ পত্ৰ

282

মুছলপুৰত বিটিচি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে প্ৰদান কৰিলে ৫৯১ জন শিক্ষকক নিয়মীয়াকৰণ পত্ৰ

প্ৰায় অন্ত পৰিল কালিকা লগা বিটিচি অঞ্চলৰ ১৯৯৯ চনত নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ সমস্যা ৷ সমাধান হ’ ল বিটিচিৰ শিক্ষা বিভাগৰ এটা বৃহৎ সমস্যা ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে আজি পুনৰ ৫৯১ জন শিক্ষকক প্ৰদান কৰিলে নিয়মীয়াকৰণ পত্ৰ ৷ মুছলপুৰত প্ৰদান কৰিলে এই নিয়মীয়াকৰণ পত্ৰ ৷ উল্লেখ্য যে ১৯৯৯ চনত অবিভক্ত নলবাৰী জিলাত এই সকল শিক্ষকে নিযুক্তি লাভেৰে নিয়মিত দৰমহা লাভ কৰি আছিল যদিও ২০০৯ চনত হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ মৰ্মে বি টি চিৰ শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিছিল । কিন্তু ২০১৫ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ প্ৰায় ১৩০০ শিক্ষকক চাকৰিত যোগদানৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমানলৈকে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত আছিল । শেহতীয়াকৈ এই শিক্ষক সকলে পুনৰ আদালতৰ কাষ চপাত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই শিক্ষক সকলক নিয়মীয়া কৰণ পত্ৰ প্ৰদান কৰে বি টি চি পৰিষদে । প্ৰথম পৰ্যায়ত বিটিচিৰ শিক্ষা বিভাগে ৩০১ জন শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰাৰ পিচত আজি পুনৰ ৫৯১ গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰে ৷ প্ৰণিধানযোগ্য যে বিশেষ অসুবিধাৰ বাবে ৯৪ গৰাকী শিক্ষকক আজি নিয়মীয়াকৰণ পত্ৰ দিব নোৱাৰিলে যদিও পৰৱৰ্তী সময়ত প্ৰদান কৰিব ৷ ইফালে বিটিচি অঞ্চলত ২০১৫ চনত নিযুক্তি প্ৰাপ্ত ছয়মহীয়া টেট শিক্ষক সকলক নিয়মীয়াকৰণৰ বাবে অচিৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ত তাত বস্ত্ৰ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাস, ৰঞ্জিত বসুমতাৰীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷