প্ৰব্ৰজিত শ্ৰমিক সকলক কৰ্মসংস্থাপন প্ৰদানৰ সম্পৰ্কে আলোচনা মুখ্যমন্ত্ৰীৰ

69

ষ্টাফ ৰিপোৰ্টাৰ : ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিক সকলক কৰ্মসংস্থাপন প্ৰদানৰ সম্পৰ্কে আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অতিশীঘ্ৰে প্ৰব্ৰজিত শ্ৰমিক সকলক এমজি এনৰেগাৰ অধীনত জব কাৰ্ড প্ৰদানৰ লগতে কামৰ আৱন্টন কৰিবলৈ পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। শ্ৰমিক সকলৰ দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দক্ষতা উন্নয়ন বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
এক ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে শ্ৰমিক সকলক দক্ষতা চিহ্নিত কৰি খণ্ড উন্নয়ন পৰ্যায়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ নিৰ্দেশ । প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ জৰিয়তে যাতে ৰাজ্যৰ এম এছ এম ই খণ্ড সৰ্বাধিক ভাৱে লাভান্বিত হয় তাৰ বাবে এনে উদ্যোগৰ জিলাভিত্তিক তালিকা তথা বৰ্তমান অৱস্থাৰ প্ৰতিবেদন যুগুত কৰিবলৈ উদ্যোগ বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
প্ৰব্ৰজিত শ্ৰমিক সকলক উৎপাদনমূলক কাম-কাজত জড়িত হ’বৰ বাবে বেংকে যাতে ঋণ প্ৰদান কৰে সেই বিষয়ে বেংক সমূহৰ সৈতে আলোচনা কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
উদ্যোগ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া সকল এই বৈঠকত উপস্থিত থাকে।