প্ৰবীণ সাংবাদিক, সাংবাদিক পেঞ্চনাৰ পদ্মেশ্বৰ চিত্ৰকৰৰ মৃত্যু

69

ষ্টাফ ৰিপোৰ্টাৰ, ৬ মে’: প্ৰবীণ সাংবাদিক, সাংবাদিক পেঞ্চনাৰ তথা নিউজ টাইম অসমৰ ৰাজনৈতিক সম্পাদক পদ্মেশ্বৰ চিত্ৰকৰৰ বুধবাৰে নিশা বৃক্ক জনিত ৰোগত দিছপুৰ পলিক্লীনিকত মৃত্যু হয়। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস । এটা শোকবাৰ্তা যোগে মাননীয় সভাপতি গৰাকীয়ে প্ৰয়াত প্ৰবীণ সাংবাদিক গৰাকীৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
লগতে, তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ,আত্মীয়-আত্মীয়-স্বজন আৰু গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। প্ৰয়াত সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰৰ নশ্বৰদেহ কাইলৈ পুৱা ৯.৩০ বজাত শেষ শ্ৰদ্ধাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবলৈ অনা হব৷ সকলো সাংবাদিক বন্ধুকে প্ৰয়াত জেষ্ঠ সতীৰ্থ জনক শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে প্ৰেছ ক্লাব প্ৰাংগনত সমবেত হবলৈ বিনম্ৰ অনুৰোধ জনাইছে ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে।