প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ

150

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰবীণ অসমীয়া অভিনেতা নিপন গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে। অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰতিথযশা অভিনেতা নিপন গোস্বামীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ থাকি বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ককাদেউতা, নাতি অৰু হাতী’ ছবিখনত অভিনয় কৰি থাকোঁতে মই শিশু অৱস্থাত অসমৰ এজন শ্ৰেষ্ঠ অভিনেতাৰ সৈতে যোগাযোগ স্থাপন কৰি ধন্য হৈছিলোঁ।

‘অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে নিপন গোস্বামীৰ অৱদান অপৰিসীম। বহু অসমীয়া ছবিত তেওঁ অতি হৃদয়স্পৰ্শী আৰু চিন্তাশীল চৰিত্ৰত অভিনয় কৰিছে, যিবোৰ আমাৰ স্মৃতিত সদায় খোদিত হৈ থাকিব।’- মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়।

স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ অভিনেতা নিপন গোস্বামীক।

ইয়াৰ পূৰ্বে ২০১৯ চনত অভিনেতা গৰাকীয়ে নিজ বাসগৃহৰ বাথৰুমৰ মজিয়াত পিছলি পৰি আহত হোৱাত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

তেজপুৰত জন্মগ্ৰহণ কৰা ৮৮ বছৰীয়া অভিনেতা গৰাকী ভাৰতীয় প্ৰতিষ্ঠিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু সুভাষ ঘাই, নবীন নিচোল, আৰু শত্ৰুঘ্ন সিনহাৰ দৰে শক্তিশালী অভিনেতাৰ সৈতে একেলগে অভিনয় শিক্ষা গ্ৰহণ কৰিছিল।

১৯৫৭ চনত ফণী শৰ্মাৰ পৰিচালক পিয়ালি ফুকনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰা গোস্বামীৰ জন্ম হৈছিল ১৯৪২ চনৰ ৩ ছেপ্টেম্বৰত তেজপুৰৰ কলিবাৰীত। তেওঁৰ পিতৃ চন্দ্ৰধৰ গোস্বামী এজন বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামী এগৰাকী কণ্ঠশিল্পী আছিল। কলিবাৰী এল পি স্কুলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা কৰিছিল।

নিপন গোস্বামীৰ প্ৰথম অসমীয়া ছবি আৰু মুখ্য অভিনেতা হিচাপে প্ৰথম সফলতা আছিল সংগ্ৰাম। ১৯৬৯ চনত মুক্তি পোৱা তেওঁৰ পৰৱৰ্তী ছবি ড° বেজবৰুৱাৰ বাবে তেওঁ তাৰকাত্ব লাভ কৰে আৰু তাৰ পিছৰ বছৰবোৰত কেইবাখনো ছবিত অভিনয় কৰে। তেওঁ চৰিত্ৰ অভিনেতা হিচাপেও কেইখনমান হিন্দী ছবিত অভিনয় কৰিছিল।

তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে, বিশেষকৈ, আবাহান, কহিনুৰ, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল।