ডিজিটেল ডেস্কঃ মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলাই টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ এখন ছবি শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে এই বৈঠকৰ ফটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, “ধন্যবাদ… এখন অন্তৰ্দৃষ্টিসম্পন্ন বৈঠকৰ বাবে। ডিজিটেল ৰূপান্তৰৰ নেতৃত্বত চৰকাৰে বহনক্ষম আৰু সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ ওপৰত গভীৰ মনোনিৱেশ কৰাটো অনুপ্ৰেৰণাদায়ক আৰু আমি ভাৰতক ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰিবলৈ আগ্ৰহী।”
ইফালে সত্য নাডেলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠকে ভাৰতত ডিজিটেল যুগক লৈ বহু ইংগিত প্ৰদান কৰিছে।
অৱশ্যে এই বৈঠক সম্পৰ্কে এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই।
