ডিজিটেল ডেস্কঃ দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘মিছাৰ নেতা’ বুলি অভিহিত কৰি তীব্ৰ সমালোচনা কৰে। লগতে বিজেপি আৰু ইয়াৰ শীৰ্ষ নেতাসকলে ৰাইজৰ সহানুভূতি লাভৰ বাবে মিছাৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰে।
নৰ্মদা জিলাৰ দেদিয়াপাদাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত খৰ্গেয়ে কয়, “তেওঁলোকে আমাক, বিশেষকৈ মোডী জী আৰু শ্বাহে সুধিছে যে কংগ্ৰেছে ৭০ বছৰত কি কৰিছে। যদি আমি ৭০ বছৰত একো নকৰিলোহেঁতেন তেন্তে আপুনি কৰিলেহেঁতেন। দেশত গণতন্ত্ৰ আছে।”
মোডীক সমালোচনা কৰি তেওঁ পুনৰ কয়, “আপোনাৰ দৰে ব্যক্তিয়ে নিজকে দুখীয়া বুলি দাবী কৰে। মইও দুখীয়া, মইও অস্পৃশ্যৰ ভিতৰত এজন। মানুহে আপোনাৰ চাহ খালেহেঁতেন, মোৰ চাহ কোনেও নাখালেহেঁতেন। তাৰ পিছত আপুনি কয় যে আপুনি দুখীয়া আৰু কোনোবাই আপোনাক গালি-গালাজ কৰে। যদি আপুনি সহানুভূতিৰ বাবে কয় তেন্তে মানুহ এতিয়া চতুৰ হৈ পৰিছে। এবাৰ দুবাৰ মিছা কথা ক’লে মানুহে শুনিব, কিন্তু কিমানবাৰ মিছা ক’ব? তেওঁ মিছাৰ নেতা…।”
আজি গুজৰাটত কেইবাখনো ৰাজহুৱা সভাত ভাষণ দিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে – কুচৰ আঞ্জাৰ, জামনগৰৰ গোৰ্ধনপুৰ, ভৱনগৰৰ পলিতানা, জামনগৰৰ গোৰ্ধনপাৰ, আৰু ৰাজকোটত জনসভা সম্বোধন কৰিব মোডীয়ে।
গুজৰাটৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব- ১ আৰু ৫ ডিচেম্বৰত। ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব।