ষ্টাফৰিপৰ্টাৰ, “ভাৰতীয় জনতা পাৰ্টিয়ে সদায় সেৱাৰ মনোভাবেৰে সংগঠন কৰি আহিছে। এই প্ৰত্যাহ্বানৰ সময়ত আমি বহু প্ৰতিকূলতাক নেওচি আৰ্ত জনগণৰ প্ৰতি সেৱা আগবঢ়াইছোঁ আৰু সন্মিলিত প্ৰচেষ্টাৰে আগলৈও এই কাৰ্য অব্যাহত থাকিব -” শনিবাৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰা ‘সেৱাই সংগঠন’ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সতীৰ্থ তথা কাৰ্যকৰ্তাসকলৰ সৈতে অংশগ্ৰহণ কৰি ছ’চিয়েল মিডিয়া যোগে এইদৰে কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।