সীমাহীন দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ বেতনিপাম গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈ ।PMAY গৃহ হিতাধিকাৰীৰ ধন জালিয়াতিৰে আত্মসাৎ, হিতাধিকাৰীৰ পৰা উৎকোচ গ্ৰহণ আদি অনেক অভিযোগেৰে অভিযুক্ত বেতনিপাম গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈক আজি আবেলি চিলাপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বেতনিপাম পঞ্চায়তৰ জয়া দিহিঙীয়া নামৰ এগৰাকী দৰিদ্ৰ হিতাধিকাৰীৰ PMAY গৃহৰ তৃতীয় কিস্তিৰ ধন প্ৰায় ৪৮ হাজাৰ টকা জালিয়াতিৰে আত্মসাত কৰা সন্দৰ্ভত মহিলাগৰাকীয়ে কিছুদিনৰ পূৰ্বে ধেমাজি জিলাৰ উপযুক্ত আৰু আৰক্ষী অধীক্ষকক দিয়া অভিযোগৰ ভিত্তিত আজি আবেলি প্ৰায় ৫ বজাত চিলাপথাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ আৰু ৪০৯ ধাৰাৰ অধীনত ১৮৪/২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভাপতি বিক্ৰম গগৈক গ্ৰেপ্তাৰ কৰিছে । বিজেপিৰ পঞ্চায়ত সভাপতিকগৰাকীক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কাৰ্যই সমগ্ৰ ধেমাজি জিলাখনতে খলকনি তুলিছে। ইপিনে অভিযুক্ত পঞ্চায়ত সভাপতিক আটক কৰাৰ পিছত ধেমাজি জিলা আৰক্ষীৰ শলাগ লোৱাৰ লগতে জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে দাবী উত্থাপন কৰিছে যাতে আইনী সুৰুঙাৰে ওলাই আহিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায়।
