প্ৰথম সপ্তাহতে ৬০০ কোটি উপাৰ্জন কৰা প্ৰথম হিন্দী ছবিৰ অভিলেখ ‘পাঠান’ৰ

3682

যশ ৰাছ ফিল্মছে প্ৰকাশ কৰা অনুসৰি শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনে এতিয়া হিন্দী চিনেমাৰ প্ৰথম সপ্তাহৰ সৰ্বোচ্চ উপাৰ্জনৰ অভিলেখ অৰ্জন কৰিছে।

এই ছবিখনে সাত দিনত বিশ্বজুৰি ৬৩৪ কোটি টকাৰ মুঠ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে ভাৰতত ৩৯৫ কোটি টকা উপাৰ্জন কৰিছে।

ইয়াৰ উপৰিও ভাৰতৰ ভিতৰতে ৩০০ কোটিৰ সীমা অতিক্ৰম কৰা আটাইতকৈ দ্ৰুততম হিন্দী ছবি হিচাপে পৰিগণিত হৈছে পাঠান।