প্ৰথম পৰ্যায়ত ৩কোটি লোকে লাভ কৰিব বিনামূলীয়া কোৰোনা ভেকচিনঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

53

দেশত আৰম্ভ হৈছে কৰ’ণা ভেকচিনৰ ড্ৰাই ৰাণ। দেশজুৰি ১১৬খন জিলাত ২৫৯টা কেন্দ্ৰত ভেকচিনৰ ড্ৰাই ৰাণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। দিল্লীত ৩টা কেন্দ্ৰত ড্ৰাই ৰাণ আৰম্ভ হৈছে। তাত জিটিবি হাস্পতাললৈ গৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে ড্ৰাই ৰান পৰীক্ষণ কৰে আৰু কয় যে আমাৰ ভেকচিনৰ ৰিকভাৰী ৰেট পৃথিৱীৰ ভিতৰত ভাল। লগতে তেওঁ ক’লে যে দেশবাসীক অপপ্ৰচাৰৰ পৰা বাচি থাকিবলৈ আহ্বান জনায়। শুকুৰবাৰেই কেন্দ্ৰ চৰকাৰে ছিৰাম ইনষ্টিটিউটৰ ভেকচিন Covishieldক অনুমতি প্ৰদান কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ক’লে যে প্ৰথম পৰ্যায়ত ৩ কোটি লোকক ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ডাঃ হৰ্ষবৰ্ধনে লগতে ক’লে যে ইয়াৰে ১ কোটি স্বাস্থ্য কৰ্মী আৰু ২ কোটি ফ্ৰণ্টলাইন কৰ্মীও অন্তৰ্ভুক্ত। আন প্ৰাথমিকতা তালিকাত অন্তৰ্ভুক্ত ২৭ কোটি লোকক জুলাইলৈ কেনেদৰে ভেকচিন প্ৰদান কৰা হ’ব, ইয়াৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ্য জৈনে ক’লে যে দিল্লীৰ ৩খন হাস্পতালত কৰ’ণা ভেকচিনৰ ড্ৰাই ৰাণ আৰম্ভ হৈছে। ইয়াক লৈ চৰকাৰৰ আশা হ’ল যে যিকোনোধৰণৰ বাধা আঁতৰ কৰিব পাৰি। সৈতেন্দ্ৰ্য জৈনে ক’লে যে দিল্লীত আমি ভেকচিন দিবলগীয়া লোকৰ তালিকা প্ৰস্তুত কৰিছো। দিল্লীত সৰ্বপ্ৰথমে স্বাস্থ্যকৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীক ভেকচিন প্ৰদান কৰা হ’ব, ইয়াৰ পিছত ৫০ বছৰতকৈ উৰ্ধৰ লোকক কৰ’ণা ভেকচিন প্ৰদান কৰা হ’ব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ক’লে যে কৰ’ণাৰ ভেকচিন সমগ্ৰ দেশতে বিনামূলীয়া প্ৰদান কৰা হ’ব। আজি কেন্দ্ৰীয় মন্ত্ৰীলৈ যেতিয়া প্ৰশ্ন উত্থাপন কৰা হ’ল যে কৰ’ণা ভেকচিনৰ বাবে টকা দিব লাগিব নে এয়া বিনামূলীয়া। ইয়াৰ উত্তৰত তেওঁ ক’লে যে কেৱল দিল্লীতে নহয় সমগ্ৰ দেশতে কৰ’ণাৰ ভেকচিন বিনামূলীয়া প্ৰদান কৰা হ’ব।

ড্ৰাই ৰাণত কি হ’ব?
ড্ৰাই ৰাণৰ সময়ছোৱাত আচল ভেকচিনৰ স্থানত আন ঔষধ বা খালী বটলসমূহ ঠিক সেইদৰে ট্ৰাঞ্চপৰ্ট কৰা হ’ব যেনেদৰে ভেকচিনক কৰা হৈছে। পিছত আন ভেকচিন বা খালী বটলসমূহক হাস্পতালত সেইদৰে ঠাণ্ডা স্থানত ৰখা হ’ব যিদৰে আচল ভেকচিন ৰখা হয়। ভেকচিনৰ ট্ৰাঞ্চপৰ্টচনক লৈ ভেকচিন লগোৱালৈ সকলো তথ্য অনলাইন দাখিল কৰা প্ৰক্ৰিয়া চোৱা-চিতা কৰা হ’ব।