প্ৰতিষ্ঠা দিৱসত অসম আৰক্ষীৰ সহযোগত মেক্স চিমেণ্টে দুখীয়া লোকৰ মাজত বিতৰণ কৰিলে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী

118

ষ্টাফৰিপোৰ্টাৰ, ১৭ এপ্ৰিল : মেক্স চিমেণ্টে ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দুখীয়া লোকৰ মাজত শুকুৰবাৰে বিভিন্ন খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চলি থকা লকডাউনৰ বাবে সামগ্ৰিক অৱস্থা তথৈবচ হৈ পৰিছে দৰিদ্ৰ লোকসকলৰ। সেয়ে তেওঁলোকক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যেই চিমেণ্ট প্ৰতিষ্ঠানটোৱে এনে এক পদক্ষেপ গ্ৰহণ কৰে।
মেক্স চিমেণ্টে অসম আৰক্ষীৰ সহযোগত গুৱাহাটী মহানগৰৰ দাঁতিকাষৰীয়া এলেকাবোৰত এইসমূহ সামগ্ৰী বিতৰণ খৰে। সামগ্ৰী বিতৰণ কৰোতে প্ৰয়োজনীয় সকলোধৰণৰ পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে সামাজিক ব্যৱধান কঠোৰভাৱে পালন কৰা হয়। উল্লেখ্য মেক্স চিমেণ্টৰ প্ৰতিষ্ঠাতা তথা অধ্যক্ষ প্ৰয়াত জি এন আগৰৱালৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী হাতত লোৱা হৈছিল।
এক কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচী গুৱাহাটীৰ দাঁতিকাষৰীয়া বিভিন্ন স্থানত সম্পন্ন কৰা হৈছে। আদিংগিৰি পাহাৰ, গোশালা, মালিগাওঁ আৰু আদাবাৰীৰ বিভিন্ন স্থানত এনেদৰে সামগ্ৰী বিতৰণ কৰা হৈছে। চাউল, দাইল, মিঠাতেল আৰু বিভিন্ন শাক-পাচনি বিতৰণ কৰা হয় এই কাৰ্যসূচীত।এই কাৰ্যসূচী সন্দৰ্ভত মন্তব্য কৰি মেক্স চিমেণ্টৰ পৰিচালন সঞ্চালক বিনীত আগৰৱালে কয়, ক’ভিড-১৯ ৰ এই মহামাৰী ৰোধ কৰাৰ সমান্তৰালকৈ লকডাউনৰ সময়ছোৱাত বিপদত পৰা দৰিদ্ৰ লোকসকললৈ সাহায্য আগবঢ়োৱাৰ এক সামান্য প্ৰয়াস কৰিছো আমি।, ‘আমি গুৱাহাটীত বসবাস কৰা বিভিন্ন দৰিদ্ৰ লোকৰ মাজত সামগ্ৰী বিতৰণ কৰা অৱস্থাত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থতে আমি পৰিস্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰা আৰু সামাজিক ব্যৱধাৰ ৰক্ষা কৰি চলিছো।’এই সন্দৰ্ভত মেক্স চিমেণ্টৰ সঞ্চালক প্ৰকাশ আগৰৱালাই কয়, “প্ৰতিবছৰেই আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি আমাৰ আদৰৰ প্ৰয়াত অধ্যক্ষ তথা প্ৰতিষ্ঠাপক জি এন আগৰৱালৰ মৃত্যু তিথিটো স্মৰণ কৰো। সাধ্যানুসৰি এই দিনটোত আমি সমাজৰ দুখীয়া লোকসকলক সহায় কৰাৰ প্ৰয়াস কৰো।”