প্ৰতিবাদী কৃষকক লৈ কংগনা ৰানাৱটৰ বিতৰ্কিত টুইট, পৰিছে বিপদত…

63

ডিজিটল ডেস্কঃ কি কথাত মাত নামাতে কংগনাই? উত্তৰ হয়তো আপোনাৰ বাবে অতি সহজ। অভিনেত্ৰী কংগনা ৰানাৱটে মাত নমতা বিষয় একো নাই। শ্বাহীনবাগৰ প্ৰতিবাদেই হওক বা বলিউড ড্ৰাগছ কাণ্ড, সকলোতে মাত মাতি আহিছে এইগৰাকী অভিনেত্ৰীয়ে। অৱশ্যেই কংগনাৰ কথাত বিজেপি প্ৰীতিও স্পষ্ট হৈয়ে আহিছে।

শেহতীয়াকৈ দিল্লীত সুপৰিকল্পিতভাৱে কৃষকে সাব্যস্ত কৰা কৃষি আইন বিৰোধী প্ৰতিবাদক লৈও মাত মাতিছে কংগনাই। প্ৰতিবাদত নমা এগৰাকী বয়োজ্যেষ্ঠ মহিলাক শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ সৈতে তুলনা কৰি এতিয়া বিপদত পৰিছে অভিনেত্ৰীগৰাকী।

দৰাচলতে কংগনাই টুইটাৰত এই পোষ্টটো কৰাৰ পাছত পঞ্জাৱৰ এগৰাকী অধিবক্তাৰ এখন আবেদন ভিত্তিত তেওঁলৈ প্ৰেৰণ কৰা হৈছে আইনী জাননী। বিৰ্তকিত এই পোষ্টতো দিয়াৰ বাবে ক্ষমা খোজাৰ লগতে ডিলিট কৰাৰো দাবী কৰিছে অধিবক্তাগৰাকীয়ে। অধিবক্তাগৰাকীৰ অভিযোগ- কংগনাই এই আন্দোলনটোক বিকৃত কৰাৰ চেষ্টা কৰিছে।