প্ৰতিজন নাগৰিকৰ ভূমিৰ অধিকাৰৰ দাবীত অসম সংগ্ৰামী মঞ্চৰ ওদালগুৰি জিলা গঠন

94

ষ্টাফৰিপৰ্টাৰ, প্ৰতিজন লোকৰ ভূমিৰ অধিকাৰ, নদী সমূহৰ খহনীয়াৰ প্ৰতিৰোধ আৰু শিল্পায়ন গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি অসম সংগ্ৰামী মঞ্চৰ ওদালগুৰি জিলা সমিতি গঠন কৰা হয়। কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কৰন ভূঞা আৰু সংগ্ৰামী যুৱ মঞ্চৰ সভাপতি আমিৰ হুছেইনৰ নেতৃত্বত ৰাম চন্দ্ৰ ভূঞাক সভাপতি হিচাপে লৈ ৩১ জনীয়া জিলা সমিতিখন গঠন কৰা হয়। জিলা সমিতিৰ উপ-সভাপতি হিচাপে দিলীপ কলিতা, লীলা ধৰ শইকীয়া,ডা: অনুজ কুমাৰ বৰুৱাক, সাধাৰণ সম্পাদক পদত গোলাম মোস্তফা,হেমেন শইকীয়া আৰু সম্পাদক পদত হিতেশ্বৰ বায়ন , বসন্ত চেত্ৰী,ক্ষিতীশ কলিতাক দায়িত্ব দিয়া হয়।গগন লহকৰ আৰু শৰৎ চন্দ্ৰ দাসক উপদেষ্টা হিচাপে গ্ৰহণ কৰা সমিতিখনত বহু অভিজ্ঞ সামাজিক ব্যক্তিয়ে দায়িত্ব গ্ৰহণ কৰে বুলি অসম সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা জানিবলৈ দিছে।