প্ৰতিকেজি ১.১৫ লাখ টকাত বিক্ৰী এবিধ বিশেষ চাহ, কোনে ক্ৰয় কৰিলে এই চাহ…

184

ডিব্ৰুগড় জিলাৰ এবিধ বিশেষ চাহ ‘মনোহৰী সোণৰ চাহ’ প্ৰতি কেজিত ১.১৫ লাখ টকাত বিক্ৰী হৈছে।

শুকুৰবাৰে ব্যক্তিগত নিলামত উক্ত হাৰত বিক্ৰী কৰা হয় এই বিশেষ চাহ।

ব্যক্তিগত পৰ্টেল টি ইনটেকত অনুষ্ঠিত নিলামত ডিব্ৰুগড়ৰ বিশেষ চাহ বিক্ৰী কৰা হয়।

যিকোনো ঠাইতে এনে নিলামত চাহৰ বাবে এয়া সৰ্বাধিক মূল্য বুলি মনোহৰী চাহ বাগিচাৰ ৰাজন লোহিয়াই জানিবলৈ দিয়ে।

এক কিলোগ্ৰাম ‘মনোহৰী গোল্ড টি’ ক্ৰয় কৰিছিল আৰ কে টি চেলেছে।

২০২১ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (জিটিএচি)ৰ জৰিয়তে প্ৰতি কেজিত ‘মনোহৰী সোণৰ চাহ’ ৯৯,৯৯৯ টকাত বিক্ৰী হৈছিল।

লোহিয়াই কয়, ‘গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (জিটিএচি)ত চাহ ব’ৰ্ড ইণ্ডিয়াই প্ৰতি কিলোগ্ৰামত ১ লাখ টকাৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে আমি এইবাৰ ব্যক্তিগত নিলামৰ জৰিয়তে এই গোটটো বিক্ৰী কৰিবলগীয়া হৈছিল।