প্ৰতিকূল বতৰৰ বাবে স্থগিত ভাৰত জোড়ো যাত্ৰা…

64

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা জম্মু-কাশ্মীৰত প্ৰতিকূল বতৰৰ বাবে স্থগিত ৰখা হৈছে।

জানিব পৰা মতে, প্ৰতিকূল বতৰ আৰু ভূমিস্খলনৰ বাবে স্থগিত ৰখা হয় ভাৰত জোড়ো যাত্ৰা।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে জানিবলৈ দিয়া মতে, পুনৰ ২৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই যাত্ৰা।

অহা ৩০ জানুৱীৰত শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰাৰ সামৰণি পৰাৰ কথা।

ইতিমধ্যে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীৰ লগতে বিৰোধী দলৰ নেতাই।