প্ৰচণ্ড গৰমৰ কবলত পৰিছে সমগ্র দেশ। ইয়াৰ পৰা হাতসাৰি যোৱা অসমৰ লগতে সমগ্র উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটী মহানগৰত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। দেশৰ কিছু অংশত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। যাৰ বাবে বতৰ বিজ্ঞান বিভাগে দিল্লী, ৰাজস্থান, মধ্য প্ৰদেশ, গুজৰাট, পঞ্জাৱ আৰু হাৰিয়ানাৰ বাবে হিটৱেভৰ ৰেড এলাৰ্ট জাৰি কৰিছে। শুকুৰবাৰে উত্তৰ ভাৰতৰ গড় সৰ্বাধিক তাপমাত্ৰা আছিল ৪৯ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন আছিল ৩১ ডিগ্ৰী চেলচিয়াছ। ৰাজস্থানত গৰমৰ ফলত ৫ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত ২ দিনত এই সংখ্যা ১৩ লৈ বৃদ্ধি পাইছে। কাশ্মীৰ উপত্যকাতো সৰ্বাধিক তাপমাত্ৰা ৩২.২ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে। এইটো ১১ বছৰত সৰ্বাধিক। ২০১৩ ৰ ২৫ মে’ত কাশ্মীৰ উপত্যকাতো সৰ্বাধিক তাপমাত্ৰা আছিল ৩২.২ ডিগ্ৰী চেলচিয়াছ। জম্মু আৰু কাশ্মীৰকে ধৰি উত্তৰ ভাৰতৰ বেছিভাগ ৰাজ্যত তাপ প্ৰবাহ প্ৰতিহত কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজস্থানৰ অনাময় কৰ্মীসকলক পুৱা ৫ বজাৰ পৰা পুৱা ১০ বজালৈ কাম কৰিবলৈ কোৱা হৈছে। মধ্য প্ৰদেশ, পঞ্জাৱ আৰু দিল্লীৰ চিকিৎসকসকলে ৰোগী আৰু বৃদ্ধসকলক দিনটোত যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে।হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ সকলো বিদ্যালয় ২৫ মে’ত বন্ধ ৰখা হৈছে। শুকুৰবাৰে সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক আছিল।
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...