প্ৰখ্যাত উৰ্দু কবি ৰাহত ইন্দোৰীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

106

ইন্দোৰঃ ‘বুলাতী হ্যে, মগৰ জানে কা নহী…’৷ আপুনি হয়তো এই শ্বায়েৰীটো বহুবাৰ শুনিছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই শ্বায়েৰীটোৱে দেশৰ লক্ষ লক্ষ যুৱক-যুৱতী তথা ভিন্ন বয়সৰ পুৰুষ-মহিলাৰ হৃদয় চুই গৈছিল৷ এই শ্বায়েৰীটো আছিল বিখ্যাত উৰ্দু কবি তথা গীতিকাৰ ৰাহত ইন্দোৰী৷ শব্দ আৰু কবিতা পাঠৰ এক ব্যতিক্ৰমী যাদুৰে সকলোকে মোহাৱিষ্ট কৰি ৰখা ৰাহত ইন্দোৰী আৰু আমাৰ মাজত নাই৷ সমগ্ৰ বিশ্বৰ লাখ লাখ অনুৰাগীক কন্দুৱাই মঙলবাৰে পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী যশস্বী কবি-গীতিকাৰে৷ মৃত্যু পৰ্যন্ত তেওঁৰ ইন্দোৰৰ এখন হাস্পতালত কোৰোনাৰ চিকিৎসাও চলি আছিল।

১৯৫০ চনত ইন্দোৰত জন্মগ্ৰহণ কৰা ৰাহত ইন্দোৰী আছিল একেৰাহে এগৰাকী কবি, গীতিকাৰ আৰু নাট্যকাৰ। মঞ্চত যেতিয়া তেওঁ উৰ্দু শ্বায়েৰী পাঠ কৰিছিল, দৰ্শকক মোহাচন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল। তেওঁৰ শ্বায়েৰী পাঠৰ ভংগীমাই লাভ কৰিছিল জনপ্ৰিয়তা। বিশেষকৈ যুৱ সমাজৰ মাজত জনপ্ৰিয় আছিল ৰাহত ইন্দোৰীৰ উৰ্দু শ্বায়েৰীসমূহ।

তেওঁৰ দেহত কোৰোনাৰ লক্ষণ ধৰা পৰা সন্দৰ্ভত তেওঁ যোৱা ১১ আগষ্টত নিজেই টুইটযোগে অৱগত কৰিছিল। তেওঁ লিখিছিল- ‘কোভিডৰ প্ৰাথমিক লক্ষণ ধৰা পৰাৰ বাবে কালি মোৰ কোৰোনা টেষ্ট কৰা হয়, যাৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। মই এতিয়া অৰবিন্দ হাস্পতালত এডমিট হৈ আছো। আশীৰ্বাদ কৰিব যাতে মই অতি সোনকালে এই বেমাৰক পৰাভূত কৰিব পাৰো…।’