পেৰা অলিম্পিকত ভাৰতীয় এথলিট বিনোদ কুমাৰৰ পৰা উভতাই লোৱা হল ব্ৰঞ্জৰ পদক

164

টকিঅ’ত চলি থকা পেৰালিম্পিক গেমছত ভাৰতে ইটোৰ পিছত সিটো পদক অৰ্জন কৰিবলৈ সক্ষম আছে। কিন্তু তাৰ মাজতে সোমবাৰে এক নিৰাশাৰ খবৰে হতাশ কৰিলে ভাৰতত। ভাৰতে ডিস্কাছ থ্রোত লাভ কৰা ব্ৰঞ্জৰ পদক উভতাই দিব লগা হৈছে।

উল্লেখ্য যে, দেওবাৰে পুৰুষৰ ডিচকাছ থ্ৰো এফ ৫২ ইভেণ্টত ভাৰতৰ বিনোদ কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। কিন্তু খেলখনক লৈ কেইবাখনো দেশে আপত্তি ব্যক্ত কৰাত অৱশেষত খেলখনৰ ফলাফল স্থগিত ৰখা হৈছিল।

প্ৰণিধানযোগ্য যে, যিসকল খেলুৱৈৰ পেশীৰ ক্ষমতা দুৰ্বল আৰু সীমিত চলাচল, হাতৰ শক্তি কম বা ভৰিৰ দৈৰ্ঘ্যৰ পাৰ্থক্য আছে তেনে খেলুৱৈয়েহে এই প্ৰতিযোগিতাত অংশ লব পাৰে। যোৱা ২২ আগষ্টত আয়োজকসকলে বিনোদ কুমাৰ্ক যোগ্য বিবেচিত কৰিছিল। যাৰ পিছত বিনোদ কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰে। কিন্তু খেলখনত অংশগ্ৰহণ কৰা খেলুৱৈক লৈ কেইবাখনো দেশে প্ৰতিবাদ জনোৱাত অৱশেষত ফলাফল স্থগিত ৰখা হয়।