পেট্ৰল-ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰাৰ পিছত মোদী চৰকাৰক আক্ৰমণ প্ৰিয়ংকা গান্ধীৰ; ক’লে…

78

কেন্দ্ৰৰ মোডী চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ পিছত এতিয়া ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক আক্ৰমণ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্ত হৃদয়ৰ পৰা নহয়, বৰং ভয়তহে লোৱা হৈছে। উল্লেখ্য যে, মূল্যবৃদ্ধিক লৈ বিৰোধীয়ে বাৰে বাৰে চৰকাৰক আক্ৰমণ কৰি আহিছে।

বুধবাৰে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কয় যে এইটো উৎসৱৰ সময়, মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰে জবাবদিহি হোৱা উচিত। সাধাৰণ নাগৰিক মুদ্ৰাস্ফীতিত ভুগি আছে। বিজেপি চৰকাৰৰ লুণ্ঠনকাৰী চিন্তাই উৎসৱৰ পূৰ্বে মুদ্ৰাস্ফীতি হ্ৰাস কৰাৰ পৰিৱৰ্তে গেছ চিলিণ্ডাৰ, পেট্ৰ’ল, ডিজেল, তেল আৰু পাচলিৰ মূল্য বৃদ্ধিহে কৰিছে। নিৰ্বাচনৰ সময়ত, বিজেপিয়ে ১-২ টকা হ্ৰাস কৰি জনসাধাৰণৰ ওচৰলৈ যাব। কিন্তু জনতাই উচিত প্ৰত্যুত্তৰ দিবই। মানুহে ক্ষমা নকৰে চৰকাৰক।

আনফালে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ পিছত কেইবাখনো ৰাজ্যই কৰ হ্ৰাস কৰিছে। এই ৰাজ্যবোৰ হৈছে গোৱা, বিহাৰ, ছিকিম, কৰ্ণাটক, উত্তৰাখণ্ড, অসম, ত্ৰিপুৰা আৰু মণিপুৰ। উত্তৰ প্ৰদেশ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ১২ টকা কৈ ভেট হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। এক টুইটযোগে ছিকিম চৰকাৰে তাৎক্ষণিক ভাৱে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট ৭ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। বিহাৰ চৰকাৰে আটাইতকৈ কম কৰ্তন কৰিছে। বিহাৰ চৰকাৰে পেট্ৰ’লৰ ওপৰত ভেট ১ টকা ৩০ পইচা আৰু ডিজেলৰ মূল্যৰ ওপৰত ভেটত ১ টকা ৯০ পইচা হ্ৰাস কৰিছে। অসম চৰকাৰেও ডিজেল আৰু পেট্ৰ’লৰ ওপৰত ভেট ৭ টকাকৈ হ্ৰাস কৰিছে।