পেগাছাছ কেলেংকাৰীৰ তদন্তৰ বাবে সমিতি গঠন কৰিব উচ্চতম ন্যায়ালয়ে

91

পেগাচাছ কেলেংকাৰীক লৈ সমগ্ৰ দেশ উত্তাল হৈ আছে। পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি ফোন হেক কৰাৰ অভিযোগ বিৰোধীয়ে উত্থাপন কৰি আহিছে। তাৰ মাজতে এইবাৰ উচ্চতম ন্যায়ালয়ে পেগাচাছ গোচৰৰ পুংখানুপুংখ তদন্ত কৰিবলৈ এখন সমিতি গঠন কৰিবলৈ আগবাঢ়িছে। এই সন্দৰ্ভত অহা সপ্তাহত এক বিতং ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই জ্যেষ্ঠ অধিবক্তা চিইউ সিঙক কয় যে ন্যায়ালয়ে পেগাচাছৰ ওপৰত এখন সমিতি গঠন কৰাৰ সপক্ষে সিদ্ধান্ত ল’ব বিচাৰে। আদালতে এই সমিতিৰ বাবে কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাৰ নাম মনোনীত কৰিছিল যদিও তাৰ কিছু সংখ্যকে পেগাছাছৰ তদন্তকাৰী সমিতিৰ অংশ হব বিচৰা নাই। কিন্তু অহা সপ্তাহৰ ভিতৰত সমিতিৰ সদস্য সকলৰ নাম চূড়ান্ত কৰা হব বুলি কয় উচ্চতম ন্যায়ালয়ে।