পুৱাই পুনৰ ভূমিকম্পই জোকাৰি গল ৰাজ্য…

60

একেৰাহে ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ অসম। বিগত এটা সপ্তাহত ৰাজ্যত অহা ইটোৰ পিছত সিটো ভূমিকম্পই ৰাজ্যবাসীক আতংকিত কৰি ৰখাৰ মাজতে আজি পুৱাৰ ভাগত পুনৰ অনুভূত হল আন এক জোকাৰণি।

পুৱা ৭.০৫ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৩.০। ভূমিকম্পটোৰ অভিকেন্দ্ৰ নগাঁও বুলি জানিব পৰা গৈছে। উল্লেখ্য় যে, যোৱা এটা সপ্তাহত ৰাজ্যত কমেও ১০টা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে।