পুৰণি শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, ৰেলিঙত খুন্দিয়াই বাগৰিল চাউলভৰ্তি ট্ৰাক

74

পুৰণি শৰাইঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, ৰেলিঙত খুন্দিয়াই বাগৰিল চাউলভৰ্তি ট্ৰাক।

বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত AS01U1735 নম্বৰৰ আমিনগাঁও-জালুকবাৰী অভিমুখী এখন চাউল কঢ়িয়াই অনা ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে। দুৰ্ঘটনাৰ ফলত দলঙত বাগৰি পৰে চাউলভৰ্তি ট্ৰাকখন।

দুৰ্ঘটনাটোৰ ফলত সামান্য পৰিমাণে আহত হয় মন্তাজ আলী নামৰ ট্ৰাকখনৰ চালকজন। জালুকবাৰী যান–বাহন আৰক্ষী উপস্থিত হৈ আহত চালকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ আয়ুৰ্বেদিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, দুৰ্ঘটনাটোৰ পাছতে পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত পুৰণি শৰাইঘাট দলঙত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। অৱশেষত জালুকবাৰী যানবাহন আৰক্ষীয়ে নতুন শৰাইঘাট দলঙেৰে গাড়ীসমূহ যাবলৈ দি যান-জঁট নিয়ন্ত্ৰণ কৰে।