পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, আহত ৯জন

102

পুনৰ উত্তপ্ত হৈ পৰিছে কাশ্মীৰ উপত্যকা। পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ইটোৰ পিছত সিটো কূটাঘাত আৰম্ভ কৰিছে কাশ্মীৰত। আজি কাশ্মীৰৰ পুলৱামাৰ অৱন্তিপুৰাত টহল দি থকা চিআৰপিএফ বাহিনীৰ দল এটালৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে। এই গ্ৰেণেড চিআৰপিএফৰ ওপৰত নপৰি ৰাজপথেদি গৈ থকা পথচাৰীৰ ওপৰত পৰে। যাৰ ফলত ৯ জনকৈ পথচাৰী আহত হয়। আহত সকলৰ ৮ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে চিআৰপিএফ বাহিনীলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰা সন্ত্ৰাসবাদী সংগঠনটো পাক সমৰ্থিত হৰকত উল মুজাহিদিন বুলি সন্দেহ কৰা হৈছে। অৱশ্যে এই আক্ৰমণৰ দায়িত্ব এতিয়াও কোনো সন্ত্ৰাসবাদী সংগঠনে স্বীকাৰ কৰা নাই। আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে কূটাঘাত সংঘটিত কৰা সন্ত্ৰাসবাদীক বিচাৰি জোৰদাৰ তালাচী অভিযান আৰম্ভ কৰিছে।