পুনৰ ৰে’ল দুর্ঘটনা

86

বিগত কিছুদিন ধৰি ইটোৰ পিছত সিটোকৈ কেইবাটাও ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে দেশত। এনে দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰে’ল পৰিবহণৰ নিৰাপত্তাৰ দিশক লৈ প্ৰশ্ন উত্থাপিত হৈছে। দেশৰ আটাইতকৈ সুচল আৰু সুলভ পৰিবহণ ব্যৱস্থাটোৰ ওপৰত বৃদ্ধি পাবলৈ ধৰিছে অনাস্থা। তাৰ মাজতে পুনৰ সংঘটিত হৈছে আন এটা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এইবাৰ এই দুৰ্ঘটনা ঘটিছে মধ্যপ্ৰদেশৰ জবলপুৰত। চলন্ত অৱস্থাত ৰে’লপথৰ পৰা নামি আহিল সোমনাথ এক্সপ্ৰেছৰ দুটা ডবা। ইন্দোৰৰ পৰা জবলপুৰলৈ যাত্ৰা কৰি থকাৰ সময়তে জবলপুৰৰ মূল ৰে’ল ষ্টেচনৰ সমীপত ৰে’লখনৰ দুটাকৈ ডবা ৰে’লপথৰ পৰা নামি যায়।ৰে’লৱেৰ বিষয়াসকলে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে পুৱা প্ৰায় ৫:৫০ বজাত সংঘটিত হয়। ইন্দোৰ আৰু জবলপুৰৰ মাজত চলাচল কৰা সোমনাথ এক্সপ্ৰেছ জবলপুৰ ষ্টেচন পোৱাৰ আগে আগে ৰে’লখনৰ ডবা ৰে’লপথৰ পৰা নামি যায়। ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ঘটনাৰ পিছতে লগে লগে ডবা দুটাত থকা সকলো যাত্ৰীক ৰে’লৰ পৰা নমাই দিয়া হয়।