পুনৰ বোমাৰ ভাবুকি

8

দেশত বিগত কিছুদিনত ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে বোমা বিস্ফোৰণৰ ভাবুকিৰ খবৰ। অচিনাক্ত দুৰ্বৃত্তই মেইল বা ফোনকল যোগে দেশৰ বহু স্থানত এইদৰে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ ভাবুকি দি আহিছে।আজি পুৱা পুনৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমানে এইদৰে বোমাৰ ভাবুকি লাভ কৰিছে।ভাবুকি লাভ কৰা বিমানখন মুম্বাইৰ পৰা নিউয়ৰ্কলৈ ৰাওনা হৈছিল। বোমাৰ ভাবুকি পোৱাৰ পিছতে পাইলটে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰায়। এনে ভাবুকিৰ ফলত নিৰাপত্তাজনিত কাৰণত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ উৰণৰ দিশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দিল্লীলৈ সলনি কৰা হয়। এই খবৰ নিশ্চিত কৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই।