পুনৰ বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা।উল্লেখযোগ্য যে বাংলাদেশী নাগৰিকৰ অবিৰতভাৱে সীমান্ত পাৰ হৈ অসম তথা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰি আহিছে ।যোৱা কেইমাহত ভাৰত-বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ বাংলাদেশী নাগৰিকক প্ৰায়ে অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে বাধা প্ৰদান কৰি আহিছে । শেহতীয়াকৈ একেদৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা ৬ বাংলাদেশী নাগৰিকক পুনৰ বাংলাদেশ কৰ্তৃপক্ষক গতাই দিয়াৰ তথ্য প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।আটকাধীন বাংলাদেশীক মুস্তাফিজুৰ ৰহমান, কাব্বো ক্ৰুজ, মোঃ লেলিন মিয়া, চিৰাজুল ইছলাম, ছাইফুল ইছলাম আৰু মুক্তাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে । বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পৰা ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা বজাই ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ সমান্তৰালভাৱে সীমান্ত সুৰক্ষা বাহিনীয়েও তীক্ষ্ণ নজৰ ৰাখিছে সীমান্তত ।