পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ

321

পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অকলশৰীয়া বনৰীয়া হাতীয়ে কাজিৰঙাৰ ৰঙাজান,হাতীখুলি অঞ্চলৰ ৰাইজৰ নিদ্ৰাহৰণ কৰিছে ৷ নিশা হ’লেই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীটোৱে তহিলং কৰিছে পথাৰৰ ধান ৷খেতিপথাৰত উপদ্ৰপ চলোৱাৰ পাছত এইবাৰ হাতীটোৱে আতংকৰ সৃষ্টি কৰিছে চাহবাগিচাৰ লাইনত ৷ নিশা হাতীখুলি চাহবাগিচাৰ শ্ৰমিক আৱাস এলেকাত প্ৰৱেশ কৰি হাতীটোৱে কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰে বুলি জানিবলৈ দিয়ে ৷স্থানীয় লোকৰ অভিযোগ যে, হাতীটো খেদাৰ ক্ষেত্ৰত বন বিভাগে গুৰুত্ব প্ৰদান নকৰাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ সেয়ে ভুক্তভোগী ৰাইজে বন বিভাগক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।