পুনৰ বন্যহস্তীৰ মৃত্যু

66

নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ হঠকাৰিতাৰ ফলতে শুকুৰবাৰে আন এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱায় ৷ এনআৰএলৰ নগৰাঞ্চলৰ পখিলা উদ্যানত বিদ্যুত পৰিবাহী তাঁৰত লাগি মৃত্যু হয় প্ৰাপ্তবয়স্ক হাতীটোৰ ৷লক্ষ্যণীয়ভাৱে হাতীটোৰ মৃত্যুক কেন্দ্ৰ কৰি এক ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এন আৰ এলৰ পখিলা উদ্যানত মৃত্যু হোৱা হাতীটোক প্ৰথমে জেচিবিৰে খান্দি গোপনেই পুতি পেলাইছিল শোধনাগাৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই ৷