পুনৰ বন্যহস্তীৰ আক্ৰমণ

8

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত বন্যহস্তীৰ উপদ্ৰৱ।ভাঙি লণ্ড-ভণ্ড কৰিলে দ-জানৰ এন্টনী দত্ত নামৰ লোকজনৰ বাসগৃহ। পাকঘৰৰ বেৰ,বাচন বৰ্তন লণ্ড-ভণ্ড কৰাৰ উপৰিও খিৰিকীৰ গ্ৰীল পৰ্যন্ত এৰুৱাই পেলায় নিশা অহা হাতীয়ে।সমীপৰ ইন্দ্ৰ দাস নামৰ আন এজন লোকৰ বাসগৃহটো প্ৰবেশ কৰি অনিষ্ট সাধন কৰে হাতীয়ে।
আঘাতপ্ৰাপ্ত হৈছে চেনীমাই দাস নামৰ এগৰাকী মহিলা।
অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত বিগত বছৰ বছৰ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।