পুনৰ প্ৰকৃতিৰ তাণ্ডৱলীলা

8

তামিলনাডুত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱলীলা। ধাৰাষাৰ বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন। বন্ধ হৈ পৰিছে বাছ,ৰে’ল,উৰা জাহাজ। ফলস্বৰূপে আজি বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। চেন্নাই, তিৰুৱল্লুৰ, কাঞ্চীপুৰম, চেংগালপট্টু, ভিল্লুপুৰম, কুড্ডালোৰ আৰু ডেল্টা জিলাত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা থকা বাবে বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে ​​এই জিলাকেইখনত ৰেড এলাৰ্ট জাৰি কৰিছে।