পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ

52

ৰাজ্যত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। এইবাৰ মাঘ বিহুৰ সময়ত হাজোৰ বুলবুলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ দেখিবলৈ পোৱা নাযাব। শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।ন্যায়ালয়ে এই ৰায় প্ৰদান কৰাৰ লগতে ২০২৩ চনৰ ২৭ ডিচেম্বৰত ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই এইবাৰ মাঘ বিহুৰ সময়ত হাজোত বুলবলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব।উল্লেখ্য যে, বছৰ বছৰ ধৰি মাঘ বিহুৰ সময়ত ৰাজ্যত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আহিছে। হাজোৰ বুলবুলি চৰাই যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ বিখ্যাত। ইয়াৰ মাজতে কিছু বছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়ৰ পাছতে ৰাজ্যত বন্ধ হৈছিল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। কিন্তু যোৱা বছৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ এই যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দিছিল।অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰে আৰু ইয়াৰ পাছতেই এতিয়া ৰাজ্যত অনুষ্ঠিত কৰিব নোৱাৰিব পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাই যুঁজ।