আন এক ধুমুহা নমাবলৈ সাজু হৈছেএনচিপি নেতা নৱাব মালিক। অহা দেওবাৰে এক বিস্ফোৰক তথ্য তেওঁ ফাদিল কৰিব বুলি ইতিমধ্যে মন্তব্য কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নৱাব মালিকে সকলোকে তেওঁৰ দীপাৱলী শুভেচ্ছা জনাই বুধবাৰে এটা টুইট কৰে। তেওঁ টুইটত লিখিছে, “শুভ দীপাৱলী। আপোনালোক সকলোৰে দীপাৱলী সুখৰ হওক। হোটেল দ্য ললিতত বহু গোপন ৰহস্য লুকাই আছে। দেওবাৰে সকলোকে লগ পোৱাৰ আশা থাকিল।”
উল্লেখ্য যে, মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা নৱাব মালিকে এনচিবি বিষয়া সমীৰ ৱানখেডেক নিৰন্তৰ আক্ৰমণ কৰি আহিছে। প্ৰথমে তেওঁ সমীৰ ৱানখেডেক এজন মুছলমান বুলি বৰ্ণনা কৰিছিল, তাৰ পিছত তেওঁ তেওঁৰ জাতিক লৈও প্ৰশ্ন কৰিছিল। মালিকে সমীৰ ৱানখেডেক আক্ৰমণ কৰি কয় যে তেওঁ এটা ব্যয়বহুল জীৱন অতিবাহিত কৰে, দামী ঘড়ী আৰু চাৰ্ট পিন্ধে।
এনচিপি নেতা নৱাব মালিকে সমীৰ ৱানখেডেৰ ওপৰত ড্ৰাগছ মাফিয়াৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰিছিল যে ফেশ্বন টিভিৰ কাশিফ খান এজন ড্ৰাগ মাফিয়া আৰু সমীৰ ৱানখেডেৰ সৈতে বন্ধু। কাশিফ খানো মুম্বাই ক্ৰুজত উপস্থিত আছিল কিন্তু এনচিবি বিষয়াই তেওঁক গ্ৰেপ্তাৰ কৰা নাছিল।
