পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক

69

মঙলদৈ আৰক্ষীৰ জালত পৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰী। জানিব পৰা মতে মঙলদৈ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা ২ বজাত ইনটাজ আলি নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিছে। মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ পৰা আটক কৰিছে সৰবৰাহকাৰীটোক।অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি ইনটাজে ড্ৰাগছৰ অবৈধ সৰবৰাহ চলাই আহিছিল। আৰক্ষীয়ে ইনটাজৰ পৰা ড্ৰাগছ ভৰ্তি ২৫ টা কণ্টেইনাৰ, এটা মোবাইল আৰু এখন মটৰ চাইকেল জব্দ কৰিছে।