পুনৰ ডেংগুৰ আতংক

64

কামৰূপ মহানগৰ, ডিমা হাছাও, কাৰ্বি আংলঙকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৱে জটিল ৰূপ ধাৰণ কৰিছে । এডিছ মহে কামোৰাৰ ফলত হোৱা এই জ্বৰত যোৱা ২৫ অক্টোবৰ পর্যন্ত অসমত ১৪৫১ গৰাকী লোক আক্রান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যত প্ৰকাশ ।

এই তথ্য মতে, ডিমা হাছাও জিলাত ৪৪১ গৰাকী, কামৰূপ মহানগৰ জিলাৰ ২২৫ গৰাকী, যোৰহাট জিলাত ৮৪ পশ্চিম কাৰ্বি আংলং জিলাত ৬৬ গৰাকী, নলবাৰীত ৪৫ গৰাকী, শোণিতপুৰ জিলাত ৪২ গৰাকী আক্রান্ত হৈছে । ৰাজ্যৰ তামুলপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ বহিৰে সকলো জিলাত এই ৰোগত আক্ৰান্ত হৈছে লোক । অৱশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে বৰ্তমানলৈকে এই ৰোগত কোনো লোকৰ মৃত্যু হোৱা নাই ।