ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ বিনয় কুমাৰ সাক্সেনাই এক সংবাদ মেলত সম্বোধন কৰে । ১৩ ফেব্ৰুৱাৰীত হোটেল তাজ ভিভাণ্টাত সম্বোধন কৰা সংবাদ মেলখনত এম এচ এম ই মন্ত্ৰালয়ৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰে । ভাৰত চৰকাৰে গ্ৰহণ কৰা গ্ৰামাঞ্চলৰ কুমাৰ সম্প্ৰদায়ৰ কাৰণে ‘কুমাৰ সশক্তিকৰণ যোজনা’, ‘প্ৰধান মন্ত্ৰী নিয়োজন সৃষ্টি কাৰ্যসূচী’ আদি বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে বিনয় কুমাৰ চাক্সেনাই । ২০২০-২১ বৰ্ষৰ বাবে যোজনাসমূহৰ বাবে ভাৰত চৰকাৰে আৱণ্টন দিছে ২১২০ কোটি টকা । ইয়াৰে ১৩৬২.৮৫ কোটি টকা এই পৰ্যন্ত ব্যৱহাৰ কৰিছে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে । পৰম্পৰাগত উদ্যোগসমূহক অধিক প্ৰতিদ্বন্দীতামূলক আৰু সেইসমূহৰ বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে পৰম্পৰাগত উদ্যোগসমূহৰ পুনঃউত্থানৰ পুঁজি স্থাপন কৰিছে । এই আঁচনিটোৰ নাম দিয়া হৈছে ‘Scheme of Fund for Regeneration of Traditional Industries।’
