মুম্বাইৰ বিশেষ আদালতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ সৈতে আৰিয়ান খানৰ জামিন আবেদন পুনৰ নাকচ কৰিছে।
আৰিয়ান খান আৰু আন ৭ জনক ৩ অক্টোবৰত মুম্বাই ক্ৰুজ ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ইতিমধ্যে ১৮ দিন কাৰাগাৰত পাৰ কৰিছে। তেওঁ বৰ্তমান আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে।
মুম্বাইৰ বিশেষ আদালতে যোৱা শুনানিৰ সময়ত অৰিয়ান খানৰ জামিন আবেদনৰ ওপৰত ৰায় সংৰক্ষিত ৰাখিছিল। আৰিয়ান খানৰ লগতে আৰবাজ মাৰ্চেণ্টকে ধৰি আন ৭ জনক এনচিবিয়ে কৰ্ডেলিয়া ক্ৰুজ জাহাজত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল। ইফালে বিশেষ আদালতে আৰিয়ানৰ জামিন আবেদন খাৰিজ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হব বুলি জানিবলৈ দিয়ে তেওঁৰ অধিবক্তগৰাকীয়ে।
উল্লেখ্য যে, ২ অক্টোবৰত মুম্বাইৰ ওচৰৰ এখন ক্ৰুজ জাহাজত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ ছদ্মবেশী বিষয়াই এটা ৰেভ পাৰ্টিত অভিযান চলাই আৰিয়ান খান, তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মডেল মুনমুন ধামেচা আৰু আন পাঁচজনক গ্ৰেপ্তাৰ কৰিছিল।
আৰিয়ান খানৰ অধিবক্তা সতীশ মানেশিন্দে আৰু অমিত দেশাই আদালতত যুক্তি দিছিল যে তেওঁৰ ওপৰত কোনো ড্ৰাগছ পোৱা নগ’ল। ড্ৰাগছ বিৰোধী সংস্থাটোৱে অৱশ্যে তাৰকা পুত্ৰৰ হোৱাটছএপ চাটৰ পৰা শক্তিশালী প্ৰমাণ লাভ কৰা বুলি দাবী কৰিছিল আৰু যুক্তি দিছিল যে তেওঁৰ এটা আন্তৰ্জাতিক কাৰ্টেলৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁ বহু বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছে।
আনহাতে আৰিয়ান খান শ্বাহৰুখ খানৰ পুত্ৰ হোৱাৰ বাবেই শাসকীয় বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে বন্দী কৰি ৰখাৰ অভিযোগ কৰিছে এনচিপি নেতা নৱাব মালিক আৰু জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীয়ে। অন্যথা লগত ড্ৰাগছ লাভ নকৰাৰ পিছতো কিয় ইমান দিন অভিনেতাজনৰ পুত্ৰক বন্দী কৰা হৈছে তাক লৈ প্ৰশ্নৰ উত্থাপন হোৱাটো স্বাভাৱিক।