পুনৰ খাদ্যত ওলাল পোক

80

খাদ্যত পোক, হোটেলৰ খাদ্য খোৱাৰ আগত সাৱধান হওক ! মেৰাপানীৰ এখন হোটেলৰ খাদ্যত পোক ওলোৱাকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ…
সূত্ৰ খবৰ অনুসৰি, মেৰাপানী এখন হোটেলৰ পৰা মেৰাপানী কে. বি. এম স্কুলৰ শিক্ষক-কৰ্মচাৰী সকলে খাবলৈ অনা খাদ্যত বিষাক্ত পোক অথবা বীজনু প্ৰত্যক্ষ কৰাৰ অভিযোগ উত্থাপন হৈছে । বিদ্যালয়খনৰ শিক্ষকসকলে উত্থাপন কৰা এই অভিযোগে এতিয়া সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।জানিব পৰা মতে, মেৰাপানী কে. বি. এম স্কুলৰ শিক্ষকসকলে আবেলি পৰত বিদ্যালয়ত খাবলৈ এখন হোটেলৰ পৰা খাদ্য আনিছিল । অভিযোগ অনুসৰি, শিক্ষকসকলে অনা সেই খাদ্য খোৱাৰ উপযোগী নহয় । যেতিয়া বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে খাদ্য খাবলৈ লৈছিল তেতিয়া খাদ্যত এক আচৰিত দৃশ্য প্ৰত্যক্ষ কৰে । হোটেলখনৰ পৰা অনা খাদ্যৰ আঞ্জাত দিয়া চয়াবিনত বিষাক্ত পোক প্ৰত্যক্ষ কৰে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীয়ে । জানিব পৰা মতে, আঞ্জাত যিবোৰ চয়াবিন ব্যৱহাৰ কৰিছিল, সেইবোৰ একেবাৰে পচি গৈছিল ।লগতে হোটেলখনৰ মালিকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ কথাও জানিবলৈ দিছে শিক্ষক গৰাকীয়ে । হোটেলখনৰ নাম লাডু হোটেল বুলি জানিব পৰা গৈছে ।