পুনৰ কৃষকে ল’লে নিজৰ প্ৰাণ! ১৮ মাহত ১২১৯ জন কৃষকৰ আত্মহত্যা কৰ্ণাটকত…

150

কৰ্ণাটকৰ পৰা ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে কৃষকৰ আত্মহত্যাৰ ঘটনা। ইফালে, সোমবাৰে চিক্কামাগালুৰু জিলাত আন এজন কৃষকে আত্মহত্যা কৰে। বৰষুণৰ অভাৱত ফচল বেয়া হোৱাক লৈ চিন্তিত হৈ পৰি অৱশেষত নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰে ৫৫ বছৰীয়া কৃষকজনে।

মূৰৰ ওপৰত আছিল ৩ লাখ টকাৰ ঋণৰ বোজা

আৰক্ষীৰ মতে, কৃষক কৃষ্ণ নায়ক কাদূৰ তালুকৰ লিংগাদহল্লীৰ বাসিন্দা আছিল। কৃষক কৃষ্ণ নায়কৰ ওপৰত আছিল ৩ লাখ টকাৰ ঋণ। তেওঁৰ কৃষি পথাৰত ৰাগী আৰু জোৱাৰ শস্য সিঁচিছিল যদিও বৰষুণৰ অভাৱত শস্যবোৰ নষ্ট হৈ গৈছিল। ইয়াৰ পিছত কৃষকজনে এই পদক্ষেপ গ্ৰহণ কৰে। কেৱল কাদুৰ তালুকতে বিগত ৪০ দিনত ৫জনকৈ কৃষকে আত্মহত্যা কৰাৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে। ইফালে কৃষ্ণ নায়কৰ আত্মহত্যা সন্দৰ্ভত সখৰায়াপট্না আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অন্যহাতে ৰাজ্য চৰকাৰে চিক্কামাগালুৰু জিলাৰ কাদুৰ তালুক খৰাংপীড়িত বুলি ঘোষণা কৰিছে। কৃষকৰ বাবেও এটা হেল্পলাইন মুকলি কৰিছে কৰ্তৃপক্ষই।

২৩৬ খন তালুকৰ ভিতৰত ১৯৪ খন খৰাংপীড়িত

চৰকাৰী বিষয়াৰ মতে, কৰ্ণাটকত শস্য হেৰুৱাৰ ফলত বিগত ১৮ মাহত মুঠ ১২১৯ জন কৃষকে আত্মহত্যা কৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ২৩৬খন তালুকৰ ভিতৰত ১৯৪খন খৰাংপীড়িত বুলি ঘোষণা কৰি কেন্দ্রৰ পৰা ৪৮৬০ কোটি টকাৰ সাহায্য পেকেজ বিচাৰিছে৷ প্ৰায় ৪২ লাখ হেক্টৰ শস্যৰ ক্ষতি হোৱা বুলি মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয়। ৰাজ্যৰ সামগ্ৰিক লোকচান হৈছে ৩০ হাজাৰ কোটি টকা। বৰ্তমান কেন্দ্ৰীয় দলটোৱে ৰাজ্যৰ ১১খন জিলা পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি আছে।